ভিটামিন ই কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

Header Ads Widget

Ticker

3/recent/ticker-posts

ভিটামিন ই কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা

 

ভিটামিন ই কেপচুলৰ দ্বাৰা ছাল আৰু ছুলিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ জানিবলগীয়া কেইটামান কথা 


ভিটামিন ই ত এণ্টিঅক্সিডেণ্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণাগুণ আছে যিয়ে আপোনাৰ দৈনন্দিন স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। ভিটামিন ই সাধাৰণতে ছালৰ সৌন্দর্য বাবে ফলদায়ক বুলি জনা যায়।  শুকান ছাল সতেজ কৰিবলৈ আৰু আপোনাৰ ছালত বয়সৰ চাপ নপৰিবলৈ নিয়মিতভাবে ভিটামিন ই ব্যৱহাৰ কৰিলে সু-ফল পাব।


ভিটামিন ই কেপচুল শৰীৰত ভিটামিনৰ অভাৱ পূৰণ কৰাত সহায়ক হোৱাৰ উপৰি ইয়াৰ বহুতো আমি সকলোৱে নজনা কিছুমান গুন আছে।


যিকোনো ঔষধৰ দোকানত ভিটামিন ই কেপচুল উপলব্ধ। আপোনি ভিটামিন ই কেপচুলৰ সঠিক ব্যৱহাৰৰ জৰিয়তে আপোনাৰ চাল আৰু ছুলি কোছো সুন্দৰ কৰি তুলিব পাৰে। আপোনাৰ হেৰুওৱাব খোজা সৌন্দৰ্য ভিটামিন ই কেপচুলৰ জৰিয়তে আকৌ ঘোৰাই আনিব পাৰে। সৌন্দৰ্যৰ উপৰিও ভিটামিন ই কেপচুলত কি অজ্ঞাত গুন আছে সেইয়া জানো আহক।

ভিটামিন ই- কেপচুলে ছুলি গজাত সহায় কৰে। ভিটামিন ই কেপচুল অলিভ অইলৰ সৈতে মিহলি কৰি আধা ঘণ্টাৰ বাবে ভালদৰে মালিচ কৰিলে সুফল পাব। নাৰিকল তেলৰ লগতো ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিব পাৰে।


যদি আপোনাৰ মুখত ব্রণৰ চিহ্ন আছে, তেতিয়াহলে কেপচুলৰ ভিতৰত থকা অংশটো সেই দাগত লগাওক। তাৰ পিছত অলপ সময় ৰাখি পাছত কুহুমীয়া পানীৰে ধুই পেলাওক।


শুবলৈ যোৱাৰ আগতে প্ৰতি নিশা আপোনাৰ মুখত ভিটামিন ই কেপচুল প্ৰয়োগ কৰিলে অতি সোনকালে কোঁচৰ দৰে সমস্যা হ্ৰাস কৰিব।


যদি আপোনাৰ হাত আৰু ভৰি শুকান হয় তেন্তে মৌ আৰু নেমুৰ ৰসৰ সৈতে ভিটামিন ই কেপচুল ভালদৰে ব্যৱবাৰ কৰিলে অতি সোনকালে ভাল ফল পাব।


যদি আপোনাৰ ষ্ট্ৰেচ মাৰ্ক আছে তেন্তে সেই দাগবোৰ আঁতৰ কৰাত ভিটামিন ই কেপচুলৰ যঠেষ্ট গুৰুত্ব আছে। ভিটামিন ই কেপচুল নেমুৰ ৰসৰ সৈতে মিহলি কৰক আৰু ইয়াক ষ্ট্ৰেচ মাৰ্কত প্ৰয়োগ কৰক। আপুনি ভাল ফল পাব।

যদি আপোনাৰ চুলি ফাটিছে তেতিয়াহলে নাৰিকল তেলৰ সৈতে ভিটামিন ই কেপচুল মিহলি কৰক আৰু চুলিত লগাওক।


কম বেছি পৰিমাণে সকলোৱে ওঁঠ ফটা সমস্যাত ভুগে। এই ক্ষেত্ৰত শুবলৈ যোৱাৰ আগতে ভিটামিন ই কেপচুল ওঁঠত ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা মুক্ত হব পাৰে।


যিসকলৰ নখ ভঙ্গুৰ প্ৰকৃতিৰ হয় তেওঁলোকে গৰম পানীত ভিটামিন ই কেপচুল মিহলি কৰি সেই পানীত কিছুসময় নখ ডুবাই ৰাখিলে আৰু এনেকৈ যদি কেইদিনমানৰ বাবে কৰে, আপুনি লাভান্বিত হ'ব।


 

ভিটামিন বি কমপ্লেক্সৰ বিষয়ে জানিবলগীয়া প্ৰয়োজনীয় কেইটামান কথা ! ১০ বিধ ভিটামিন বি যুক্ত খাদ্য যিয়ে আপোনাক সদায় সুস্থ কৰি ৰাখিব ।

 

Post a Comment

0 Comments