ফটো ক্লিক কৰি ভাল পোৱা ল'ৰাজন

Header Ads Widget

Ticker

3/recent/ticker-posts

ফটো ক্লিক কৰি ভাল পোৱা ল'ৰাজন


ব্যস্ততাৰে ভৰা এই জীৱনত আমি নিজৰ কাৰণে কিমান ভাবো?? নিজৰ ভাল পোৱা কামবোৰ কৰাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিওঁ, কেতিয়াবা ভাবি চাওঁ জানো আমি? সৰুৰে পৰাই পঢ়াত মধ্যমীয়া শিক্ষাৰ্থী আছিলোঁ। আন দহজন ল'ৰাৰ দৰে মোৰো কিছুমান অদ্ভুত, ব্যতিক্ৰমী সপোন, ইচ্ছা আছিল। অৱশ্যে সেই সমূহ সময়ৰ গৰাহত নাইকিয়া হৈ পৰিল। লাহে লাহে ডাঙৰ হৈ আহিলো আৰু বয়সৰ লগে লগে চখ কিছুমান গঢ়িও উঠিছিল। তেনেকুৱা এটা চখ হৈছে ফটো ক্লিক কৰা। অৱশ্যে ম‌ই ফটোগ্ৰাফাৰ মুঠেও নহয়। ফটোগ্ৰাফীৰ সৈতে জড়িত মোৰ কোনো কাৰিকৰী জ্ঞান তথা দক্ষতা ও নাই।  মাথো এটা ম'বাইল আছে। ফুৰি ভাল পাওঁ বহুত। যেতিয়াই পাৰো, ম'বাইলটো হাতত তুলি লৈ কেমেৰাৰ লেঞ্চৰ দ্বাৰা সময়ক ধৰি ৰাখিব চেষ্টা কৰোঁ। ৰাস্তাই ঘাটে লগ পোৱা মানুহ, নাইবা যিকোনো বস্তু কেমেৰাৰ লেঞ্চৰ দ্বাৰা ধৰি ৰাখো। 

কোনোবাই হয়তো ভাবিব পাৰে যে ভাল উন্নত মানৰ কেমেৰা থাকিলেহে ফটো তুলিব পাৰি। মই ভাবো কথাটো শুদ্ধ নহয়। ম'বাইলৰ সেই কম মেগাপিক্সেলৰ এখন ফটোয়েও প্ৰকাশ কৰি যাব পাৰে অযস্ৰ আবেগ। ম'বাইলৰ সেই কম মেগাপিক্সেলৰ এখন ফটোয়েও দি যাব পাৰে মানসিক শান্তি। 

আজিকালি প্ৰযুক্তিবিদ্যা ৰ যুগ। ইউটিউব হৈছে এনে এক উত্তম মাধ্যম য'ত আমি বহুত কথা শিকিবলৈ সক্ষম হ‌ওঁ। ম'বাইলত ভাল ফটো এখন কিদৰে ক্লিক কৰিব পাৰি, সেইয়া আমি ইউটিউবৰ জৰিয়তে শিকিব পাৰোঁ। তীব্ৰ ইচ্ছাশক্তি আৰু ধৈৰ্য থাকিলে আমি এনেধৰণৰ কথা অতি সুন্দৰভাৱে শিকিবলৈ সক্ষম হ‌ওঁ। 

এতিয়া ল'ক ডাউনৰ সময়, বেছি ঘুৰা ফুৰা কৰাটো সম্ভৱ নহয়। ঘৰত থকা সময়তে কেতিয়াবা ম'বাইলটো লৈ ঘৰৰ আশে-পাশে থকা যিকোনো বস্তু নাইবা উপলব্ধ মুহুৰ্ত ম'বাইলৰ কেমেৰাত ধৰি ৰাখিব চেষ্টা কৰিবচোন। হয়তো ফটো খনৰ জৰিয়তে আপুনি নিজৰ মনৰ আবেগ ও প্ৰকাশ কৰিবলৈ সক্ষম হ'ব‌ও পাৰে। 

এই লেখাটো ফটো তুলি ভাল পোৱা সকলো লোকৰ নামত সমৰ্পিত কৰিলোঁ। 

Post a Comment

0 Comments