মিন্টু কুমাৰ - মাজ ৰাতি কেতেকী, Netflix আৰু মোৰ অনুভৱ

Header Ads Widget

Ticker

3/recent/ticker-posts

মিন্টু কুমাৰ - মাজ ৰাতি কেতেকী, Netflix আৰু মোৰ অনুভৱ


Amazon.in: Buy Maj Rati Keteki DVD, Blu-ray Online at Best Prices ...

মাজ ৰাতি কেতেকী, Netflix আৰু মোৰ অনুভৱ (কেৱল Film Review নহয়, মনৰ অনুভৱ)

মিন্টু কুমাৰ

Lock Down ৰ সময়ছোৱাত অন্য দৰকাৰী কাম সমূহ কৰাৰ সমান্তৰালকৈ দুখনমান চিনেমা, ৱেব ছিৰিজ চাইছো। মাজতে Netflix ত চিনেমা Scroll কৰি থাকোতে ম‌ই যিখন চিনেমা পালোঁ, মই দেখি অবাক। ভবাও নাছিলোঁ মই এই খন চিনেমা পায় বুলি। চিনেমা খন হৈছে অসমীয়া চিনেমা আদিৰ হুছেইন ছাৰ ৰ দ্বাৰা অভিনীত মাজ ৰাতি কেতেকী। লগালগ Offline Download দি থৈ দিলোঁ। আজি চিনেমা খন চালোঁ। সঁচাকৈয়ে মোৰ শব্দৰ অভাৱ হৈছে চিনেমা খনৰ বিষয়ে ক'বলৈ। তথাপিও মোৰ অনুভৱ ব্যক্ত কৰিবলৈ চেষ্টা কৰিছোঁ।

চিনেমা খনৰ পৰিচালক.... শান্তনা বৰদলৈ।

চিনেমা খনত ড° প্ৰিয়েন্দু হাজৰিকা ( আদিল হুছেইন ) এজন স্বনামধন্য সাহিত্যিক যিয়ে বহুত বছৰৰ মূৰত গুৱাহাটী ঘুৰি আহিছে। শৈশৱৰ বহু স্মৃতি তেখেতৰ মানস পটত ভাহিঁ আহিছে। চিনেমা খনত বৰ্তমানৰ লগতে অতীতৰ ৰোমন্থনৰ কাহিনী ও সমান্তৰালকৈ চলি গৈ থাকে। তেওঁৰ লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰা, শুভ বাৰ্তা চলিহা, তেওঁৰ শৈশৱৰ গাঁও খন, বন্ধু ভোলা, তেওঁৰ পৰিয়াল; এই সকলোবোৰ চিনেমা খনত পৰিচালকে সুন্দৰ ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। নৈ খনত ৰৈ থকা নাও খনত সৰুকালৰ আদিল হুছেইনে শুই থকা দৃশ্যটিৰ, ককায়েকৰ চাইকেলৰ পিছত বহি গাঁৱৰ ৰাস্তাইদি গৈ থকা দৃশ্যৰ দৃশ্যগ্ৰহণ অতি সুন্দৰ হৈছে।

চিনেমা খন চাই ক'ব নোৱাৰাকৈ ম‌ই চিনেমা খনৰ ভিতৰত ক্ৰমে ডুব গৈ আছিলোঁ। নিজৰ শৈশৱ কাল চোৱা চকুৰ আগত ভাহিঁ আহিছিল। গাঁৱৰ সেই দৃশ্য বোৰে মনত এক অচিনাকি চাপ বহুৱাই গৈছিল। আৰু বহুতো কিবা আছে চিনেমা খনত। কেমেৰাৰ কাম, আবহ সংগীত খুবেই সুন্দৰ, অভিনেতা-অভিনেত্ৰী সকলৰ অভিনয় বাস্তৱিক লাগিল মোৰ, তাতে আদিল হুছেইন ছাৰ আছে।  Netflix আছে যদি চিনেমা খন এবাৰ চাব। হয়তো কোনোবাই নিজকে চিনেমা খনত বিছাৰি পাব‌ও পাৰে।

Post a Comment

0 Comments